পৰিভ্ৰমী মন|| Poribhrami Mon|| Assamese song|| NothingPk
NothingPk
0:00 / 0:00
পৰিভ্ৰমী মন|| Poribhrami Mon|| Assamese song|| NothingPk
885 просмотров · 3 недели назад
NothingPk
1,28 тыс. подписчиков
885 просмотров · 3 недели назад
🎵 পৰিভ্ৰমী মন | Assamese Original Song
আন্ধাৰ বাট, হেৰাই যোৱা সপোন, অচিনাকি পৃথিৱী আৰু এটা স্থায়ী ঠিকনাৰ সন্ধান—এই সকলো অনুভৱৰ মাজেৰে আগবাঢ়ে “পৰিভ্ৰমী মন”।
🎧 ভাল লাগিলে Like, Comment, Share & Subscribe কৰিবলৈ নাপাহৰিব ♥️
✍️ Lyrics:- পংকজ হাজৰিকা
🎤 Voice:- Ai
🎶 পৰিভ্ৰমী মন 🎶
আন্ধাৰ বাটত খোজ দিলো
বুকুত এজাক ধুমুহা লৈ,
হেৰাই যোৱা সপোনবোৰ
বিচাৰি হেৰাওঁ গুপুত কোণত গৈ!
জোনাকী পৰুৱাই আহি সুধিলে,
"তোমাৰ ঠিকনা ক'ত?"
উত্তৰ বিচাৰি ঘূৰিছোঁ
পৰিভ্ৰমী মনটোক লৈ!
খুজবোৰে বাট হেৰুৱাই
সময়বোৰো তাতেই ৰ'ল,
মনৰ ভিতৰত জ্বলা জুইত
অশ্ৰু বোৰ শুকাই গ'ল!
অচিনাকি এই পৃথিৱীত
বিচাৰোঁ চিনাকি এটি বাট.........
চিলাব বিচাৰোঁ শিলৰ চোলা,
লাগে পানীৰ বেজী,তুমি জানো হ'বা!
পৰিভ্ৰমী মনে স্থায়ী ঠিকনা বিচাৰি....
উৰি যাব খোজে,তুমি জানো ঠিকনা দিবা!
শুকান নদীৰ বুকুত আজি
ঢৌৰ ছবি আঁকিছো
নুশুনা গানৰ সুৰ বিচাৰি
ৰাতি ৰাতি সাৰে আছোঁ
এজাক বৰষুণ আহিলে
যদি ধুই নিয়ে এই ছবি,
পুৱাৰ ৰ'দত জানো ফুলিব
নতুন ৰঙৰ ফুলনি?
নদীৰ পাৰে পাৰে ওখ দেৱালৰ বন্ধন
পানীৰ ঢৌৱে ঢৌৱে মথাউৰিৰ আলিংগন!
অচিনাকি এই পৃথিৱীত
বিচাৰোঁ চিনাকি এটি বাট.........
চিলাব বিচাৰোঁ শিলৰ চোলা,
লাগে পানীৰ বেজী,তুমি জানো হ'বা!
পৰিভ্ৰমী মনে স্থায়ী ঠিকনা বিচাৰি....
উৰি যাব খোজে,তুমি জানো ঠিকনা দিবা!
#পৰিভ্ৰমীমন #AssameseSong #AssameseMusic #অসমীয়াগীত #NewAssameseSong #OriginalSong #AssameseOriginal #অসমীয়া_গীত #ParibhramiMon #highlites