নিৰ্দিষ্ট বক্তা ৰূপে শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামী | ২ নং দহোটিয়া বুঢ়া নামঘৰ | Dahutia, Jorhat
Bonjiya
0:00 / 0:00
নিৰ্দিষ্ট বক্তা ৰূপে শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামী | ২ নং দহোটিয়া বুঢ়া নামঘৰ | Dahutia, Jorhat
124 просмотра · 10 дней назад
Bonjiya
18 подписчиков
124 просмотра · 10 дней назад
হে মহান ভক্তপ্ৰাণ ভকত-বৈষ্ণৱসকল,
জয়জয়তে আপোনাসৱলৈ ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ।
আপোনাসৱে জ্ঞাত যে অসমীয়া জাতিৰ ধৰ্মীয়, সামাজিক তথা সাংস্কৃতিক জীৱনত মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ অৱদান অতুলনীয়। তেখেতে অসমীয়া জাতিক ধৰ্ম, কলা-সংস্কৃতি আৰু ভক্তিৰ এনাজৰীৰে একত্ৰিত কৰি বিশ্বদৰবাৰত অসমীয়া সংস্কৃতিক এক সুকীয়া পৰিচয় প্ৰদান কৰিছিল। অসমীয়া জাতিৰ সামাজিক ঐক্য আৰু নৱবৈষ্ণৱ ধৰ্মৰ ধাৰা অক্ষুণ্ণ ৰখাৰ লগতে ভক্তি-ধৰ্মৰ চৰ্চা অব্যাহত ৰখাৰ উদ্দেশ্যে তেখেতে নামঘৰক এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰিছিল।
মহাপুৰুষজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ দহোটীয়া বুঢ়া নামঘৰভাগ ১৮৯১ চনত পূৰ্বপুৰুষসকলে প্ৰতিষ্ঠা কৰিছিল। এই নামঘৰভাগে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
নামঘৰভাগৰ গৌৰৱোজ্জ্বল পৰম্পৰাক স্মৰণীয় কৰি ৰখাৰ লগতে ইয়াৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যক আগুৱাই নিয়াৰ উদ্দেশ্যে দহোটীয়া গাঁওসমূহৰ ৰাইজৰ উদ্যোগত আৰু অঞ্চলবাসীৰ সহযোগত প্ৰতিষ্ঠা বৰ্ষ উদযাপন অনুষ্ঠান আয়োজন কৰা হৈছিল।
উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি সাতদিনীয়াকৈ অবিৰত ভাগৱত শ্ৰৱণ-কীৰ্তনৰো আয়োজন কৰা হৈছিল। এই পৱিত্ৰ অনুষ্ঠানৰ জৰিয়তে অঞ্চলবাসীৰ মাজত ভক্তি, সম্প্ৰীতি, ঐক্য আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় হৈছিল। ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু সহযোগিতাই অনুষ্ঠানটোক সফল আৰু স্মৰণীয় কৰি তুলিছিল।
২ নং দহোটিয়া বুঢ়ানাঘৰৰ শতবৰ্ষ উদযাপন উপলক্ষে অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা ৰূপে শ্ৰী শ্ৰী আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পিতাম্বৰ দেৱগোস্বামী এক ধৰ্মমূলক বক্তৃতা।