Перейти к содержимому

Jiai Thokar Hekh Ajuhat । Assamese Rock Song । JGD

Studio Aantorik

0:00 / 0:00

Jiai Thokar Hekh Ajuhat । Assamese Rock Song । JGD

4 195 просмотров · 2 мес. назад
Studio Aantorik
641 подписчик
4 195 просмотров · 2 мес. назад
Jiai Thokar Hekh Ajuhat । Assamese Rock Song । JGD Song : Jiai Thokar Hekh Ajuhat Genre : Rock Lyrics : JGD Singer : Digitally generated Music : Digitally Generated Contact Details : Studio Aantorik 7002553415 এইয়া কোনো কবিতা নহয়, নহয় মনে সজা কথা। এইয়া এজন ব্যৰ্থ প্ৰেমিকৰ স্বীকাৰোক্তি… এক কৰুণ জীৱনগাঁথা। বহু প্ৰশ্ন আহে মনলৈ, উত্তৰবোৰ বিচাৰোঁ। কিন্তু প্ৰতিবাৰেই নীৰৱতাই মোক নিৰাশ কৰি উভতাই পঠিয়ায়। কেতিয়াবা ভাবোঁ— সঁচাকৈয়ে তোমাৰ এদিনো মোৰ কথা মনত নপৰে নে? এবাৰো মন নাযায় নে সুধিবলৈ— “ক’ত আছা তুমি? ভালে আছা নে?” এইয়া কোনো কবিতা নহয়, নহয় মনে সজা কথা। এইয়া মোৰ বুকুৰ গভীৰতাত লুকাই থকা এটা নীৰৱ আৰ্তনাদ। তোমাৰ নীৰৱতাক প্ৰথমে মই ব্যস্ততা বুলি ভাবিছিলোঁ। পিছত বুজিলোঁ— তোমাৰ জীৱনত মই মূল্যহীন এক অনুভৱ। তোমাৰ বাবে মই কিমান গান লিখিলোঁ, কিমান কবিতা লিখিলোঁ। প্ৰতিটো শব্দত মোৰ বুকুৰ তেজ মিহলাই তোমালৈ পঠিয়ালোঁ। তুমি কেতিয়াও শব্দবোৰৰ গভীৰতালৈ নুশুমালা তোমাৰ বাবে সেইবোৰ কেৱল আখৰ আছিল, যিবোৰ মোৰ বাবে আছিল জীয়াই থকাৰ শেষ অজুহাত। এইয়া কোনো কবিতা নহয়, নহয় মনে সজা কথা। এইয়া মোৰ বুকুৰ গভীৰতাত লুকাই থকা এটা নীৰৱ আৰ্তনাদ। আজি মোৰ কোনো অভিযোগ নাই, নাই কোনো অভিমান। আছে মাথোঁ এটা নিস্তব্ধ সত্য— কিছুমান মানুহক কেৱল ভাল পাব পাৰি, কিন্তু তেওঁলোকৰ হৃদয়ত নিজৰ বাবে এচিকুটো ঠাইও গঢ়িব নোৱাৰি। যদি কেতিয়াবা মোৰ এই গান তোমাৰ কাণত পৰে, শব্দবোৰ নুশুনিবা… সেইবোৰৰ মাজত লুকাই থকা মোৰ নীৰৱ কান্দোন শুনিবা। তেতিয়া বুজিবা— এইয়া কোনো কবিতা নহয়, নহয় মনে সজা কথা। এইয়া এজন ব্যৰ্থ প্ৰেমিকৰ শেষ স্বীকাৰোক্তি… আৰু অপূৰ্ণ ভালপোৱাৰ জীৱনগাঁথা। JGD #studioaantorik #assameserocksong #jgd