নগাঁৱৰ অমৰ বৰকাকতি হাইস্কুলৰ ছাত্র-ছাত্রীক উপহাৰ বিতঁৰণ শ্ৰোতা সংঘৰ
kiran Live
0:00 / 0:00
নগাঁৱৰ অমৰ বৰকাকতি হাইস্কুলৰ ছাত্র-ছাত্রীক উপহাৰ বিতঁৰণ শ্ৰোতা সংঘৰ
52 просмотра · 4 дня назад
kiran Live
16,2 тыс. подписчиков
52 просмотра · 4 дня назад
নগাঁৱৰ অমৰ বৰকাকতি হাইস্কুলৰ ছাত্র-ছাত্রীক উপহাৰ বিতঁৰণ শ্ৰোতা সংঘৰ
অসমবাৰ্তা, বেবেজীয়া, ১৪ ছেপ্টেম্বৰ : মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই অনুষ্ঠিত কৰি অহা প্ৰশ্নোত্তৰ প্ৰতিযোগীতাৰ অংশ হিচাপে সোমবাৰে নগাঁৱৰ শেনচোৱাস্থিত অমৰ বৰকাকতি হাইস্কুলৰ ১০ গৰাকী ছাত্র-ছাত্রীক উপহাৰ প্ৰদান কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্রী ইৰিণা দেৱীৰ অধ্যক্ষতাত, মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ মূখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ, সঞ্চালক ৰাহুল দেৱ বৰদলৈ আৰু আকাশবাণী নগাঁও কেন্দ্ৰৰ ঘোষক মণ্টুমনি বৰাৰ উপস্থিতিত বিদ্যালয়খনৰ শ্ৰেষ্ঠ ১০ গৰাকী ছাত্র-ছাত্রীক শ্ৰোতা সংঘৰ তৰফৰ পৰা মানপত্র আৰু শৈক্ষিক সঁজুলি প্ৰদান কৰা হয়। অনুষ্ঠানৰ আঁত ধৰি শ্ৰোতা সংঘৰ সঞ্চালক ৰাহুল দেৱ বৰদলৈয়ে কয়- "বৰ্তমান সময়ত নৱ প্ৰজন্ম অৰ্থাৎ ছাত্র-ছাত্রী সকলৰ মাজত সমাজ ধংসকাৰী ড্ৰাগছ, গুটখাই চানি ধৰিছে। এই সময়ত তোমালোক ভাল ভাল কামৰপ্ৰতি, ভাল চিন্তাৰ প্ৰতি আগ্ৰহী হব লাগিব। তেতিয়াহে আমাৰ সমাজখন ভাল হব, দেশখন ভাল হব। শ্ৰোতা সংঘই তোমালোকৰ বাবে কামকৰাৰ সংকল্প গ্ৰহণ কৰিছো,মাথো আমাক লাগে তোমালোকৰ সহযোগীতা।" অনুষ্ঠানত উপস্থিত থাকে শিক্ষয়িত্রী মনিষা শইকীয়া, বিউটি বৰা, দিপিকা শইকীয়া আৰু দিপালী ভূঞা।
প্ৰেৰক : ৰাহুল দেৱ বৰদলৈ, বেবেজীয়া