Перейти к содержимому

Abahan Theatre: আৱাহন থিয়েটাৰৰ ৪৪ বছৰীয়া বৰ্ণিল যাত্ৰা, এই বৰ্ষত দৰ্শকক কি উপহাৰ দিব আৱাহনে?

Local18 Assam

0:00 / 0:00

Abahan Theatre: আৱাহন থিয়েটাৰৰ ৪৪ বছৰীয়া বৰ্ণিল যাত্ৰা, এই বৰ্ষত দৰ্শকক কি উপহাৰ দিব আৱাহনে?

5 208 просмотров · 3 года назад
Local18 Assam
430 подписчиков
5 208 просмотров · 3 года назад
গুৱাহাটী, ৮ জুলাই: সময় ১৯৮০ চন । নাট্যনগৰী পাঠশালাত ভূমিষ্ঠ হ'ল আৰু এখন ভ্ৰাম্যমান থিয়েটাৰ । নাম আৱাহন থিয়েটাৰ । জন্মৰে পৰা মঞ্চনাটৰ জড়িয়তে দৰ্শকৰ মন মুহিবলৈ চেষ্টা কৰিলে আৱাহন থিয়েটাৰে । প্ৰযোজক কৃষ্ণ ৰয়ৰ নেতৃত্বত ভ্ৰাম্যমানৰ পীঠস্থান পাঠশালাত ভূমিষ্ঠ হৈয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৱাহন থিয়েটাৰে গঢ়ি তুলিলে সুকীয়া পৰিচয় । উল্লেখযোগ্য যে, ১৯৮০ চনৰ পৰা চলিত বৰ্ষলৈ ৪৪ টা বৰ্ষ অতিক্ৰম কৰিলে আৱাহন থিয়েটাৰে । আৱাহনৰ মঞ্চ কপাঁলে ৰাজ্য বহু নামী- দামী অভিনেতা-অভিনেত্ৰীয়ে । বহু অভিনেতা-অভিনেত্ৰীয়ে আৱাহন থিয়েটাৰতেই প্ৰাথমিক জ্ঞান অৰ্জন কৰি বৰ্তমান ৰাজ্যৰ একোজন বলিষ্ঠ অভিনেতা হিচাপে খ্যাতি লাভ কৰিছে । অন্যহাতে বহুতে আকৌ অৱাহনৰ পৰাই পৰিচালনাৰ সকলো অভিজ্ঞতা লৈ নিজাববীয়াকৈ নাট্যগোষ্ঠী লৈ নতুন থিয়েটাৰ জন্ম দিলে । কিন্তু অসমীয়া দৰ্শকৰ বাবে যেন আৱাহনৰ নামেই পৰিচয় ৷ বহুতৰে হৃদয়ত থকা নাট্যদলটোৰ নামেই হৈছে আৱাহন । সময়, ২০১৯ চন । ৰাজ্যৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে দায়িত্ব ল'লে আৱাহন নাট্যদলৰ । ক'ভিড মহামাৰীৰ বাবে প্ৰথমতেই যেন কিছু বিপদত পৰিল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ । কিন্তু অভিনেত্ৰী গৰাকীয়ে মন বান্ধিলে । ৪৪ টা বৰ্ষ অতিক্ৰম কৰা আৱাহন থিয়েটাৰৰ বাবে যেন ২০২৩-২৪ নাট্যবৰ্ষ হ'ব বহু আৰ্কষণীয় । এইবাৰ ব্যতিক্ৰমী ৰূপত সাজু হৈছে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰ । তিনিখনকৈ নাটকেৰে ভ্ৰাম্যমানৰ মঞ্চ কপাবলৈ সাজু হৈছে আৱাহন থিয়েটাৰ । তিনিখনকৈ নাটক ক্ৰমে- অৰ্ধাঙ্গিনী, মোৰ তেজ- মোৰ মৰম আৰু সতী বেউলা । তিনিওখন নাটকৰে নাট্যৰূপ দিছে ৰাজ্যৰ প্ৰতিষ্ঠিত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই । বাইহাটা চাৰিআলিৰ মান্দাকাটা কমনগৰ পথাৰত ২০২৩-২৪ নাট্যবৰ্ষৰ বাবে আখৰা অব্যাহত ৰাখিছে অৱাহন থিয়েটাৰে । ইয়াৰোপৰি শনিবাৰে মহানগৰীৰ ৰাজগস্থিত মা ষ্টুডিঅ'ত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় অৰ্ধঙ্গিনী শীৰ্ষক নাটকৰ দৃশ্য শ্ৰব্য সংকলন । অনুষ্ঠানত উপস্থিত থাকে প্ৰস্তুতি পৰাশৰ , বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য, উদয় শংকৰ, অজয় ফুকন আদিকে ধৰি সাংস্কৃতিক জগতৰ লগত জড়িত বহু কেইগৰাকী ব্যক্তি । অন্যহাতে গীতটোত সুবাসনা দত্ত আৰু নীলাক্ষী নেওঁগে কন্ঠদান কৰাৰ লগতে সংগীত পৰিচালনা কৰিছে অজয় ফুকনে আৰু সংগীত ব্যৱস্থাপনা তৰুণ তন্ময়ৰ ।