Перейти к содержимому

চন্টক বৰ মিচিং গাৱত শিক্ষা সামগ্ৰী বিতৰণ

Sanjib Mili

0:00 / 0:00

চন্টক বৰ মিচিং গাৱত শিক্ষা সামগ্ৰী বিতৰণ

1 687 просмотров · 1 месяц назад
Sanjib Mili
77,1 тыс. подписчиков
1 687 просмотров · 1 месяц назад
আজি TMPK কেন্দ্ৰীয় সমিতিৰ শিক্ষাকোষৰ উদ্যোগত শিৱসাগৰ জিলাৰ চন্টক বৰ আৰু বালি মিচিং গাঁও আৰু চেনীমৰা মিচিং গাঁৱত শিক্ষা সামগ্ৰী বিতৰণৰ লগতে দুখন প্ৰাথমিক বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰৰ বাবে শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত আমাৰ সমাজৰ শিক্ষাৰ্থীসকলৰ কাষত থিয় দি বানপীড়িত ছাত্র ছাত্রীসকলৰ শিক্ষাৰ যাত্ৰা অব্যাহত ৰখাৰ বাবে সামান্য সহায়ৰ হাত আগবঢ়োৱাই TMPK ৰ মূল উদ্দেশ্য। একেদৰে বিদ্যালয়ৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু শিক্ষাৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰতো আমাৰ সামাজিক দায়বদ্ধতা পালন কৰাটো আমাৰ কৰ্তব্য। আৰু একেদিনাই আজি TMPK কেন্দ্ৰীয় সমিতিৰ নেতৃত্ব তথা শিক্ষা কোষৰ উদ্যোগত শিৱসাগৰ জিলাৰ চন্টক বৰ আৰু চন্টক বালি মিচিং গাঁৱৰ বানপানীত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন প্ৰয়োজনীয় শিক্ষা সামগ্ৰী বিতৰণ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে শিক্ষাৰ্থীসকলৰ মাজত বহী, কলম, পেঞ্চিল, স্কুল বেগ, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ কিতাপ, অসম আৰক্ষীৰ পৰীক্ষাৰ কিতাপ আদি বিভিন্ন প্ৰয়োজনীয় শিক্ষা সামগ্ৰী আগবঢ়োৱা হয়। বানপানীৰ ফলত সৃষ্টি হোৱা কঠিন পৰিস্থিতিৰ মাজতো যাতে শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাত ব্যাঘাত নঘটে আৰু শিক্ষার্থীসকলৰ শৈক্ষিক যাত্ৰা নিৰৱচ্ছিন্নভাৱে আগবাঢ়ি যায়, সেই উদ্দেশ্যে TMPK ৰ এই ক্ষুদ্ৰ প্ৰয়াস। অনাগত দিনতো TMPK ৰ নেতৃত্বত সমাজৰ বিভিন্ন সংকটাপন্ন, দুৰ্যোগপীড়িত আৰু প্ৰয়োজনীয় লোকসকলৰ কাষত থিয় দি শিক্ষা, মানৱীয়তা আৰু সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত এনে জনকল্যাণমূলক কাৰ্যসূচী অব্যাহত ৰখা হ'ব। Ranoj Pegu Bhubon Pegu Tilak Doley Paramananada Chayengia Shaan Do Nyi Panggíng Sanjib Doley Anbo Takam Mising Porin Kébang - TMPK All Mising Students' Union @top fans