বন্ধুত্বৰ বাবে আত্মত্যাগ || Sacrificein Friendship || Full Movie || an AI Made Film.
Rj Zubeen ZG
0:00 / 0:00
বন্ধুত্বৰ বাবে আত্মত্যাগ || Sacrificein Friendship || Full Movie || an AI Made Film.
110 просмотров · 2 дня назад
Rj Zubeen ZG
1,71 тыс. подписчиков
110 просмотров · 2 дня назад
বন্ধুত্বৰ বাবে আত্মত্যাগ || Sacrificein Friendship || TRAILER ||
an AI Made Film. Created By Rj Zubeen ZG
Cast : Rj Zubeen, Supriya, Maina, Luiz(Dhon), Lili(Sizuka) Priyanka) & Honey(Nandini)
BGM: Rj Zubeen ZG
Script: Rj Zubeen ZG
Dailog: Rj Zubeen ZG
(Disclaimer) "The locations and events in this short film are entirely fictional, but the characters and names used are real. This film has been completely generated by AI. Please forgive any errors or imperfections during its creation."
(ডিচক্লেইমাৰ) "এই ছবিখনৰ স্থান আৰু ঘটনাৱলী কাল্পনিক, কিন্তু ইয়াত ব্যৱহাৰ কৰা চৰিত্ৰ আৰু নামসমূহ প্ৰকৃত। এই ছবিখন সম্পূৰ্ণৰূপে AI-ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। সেয়েহে, প্ৰস্তুত কৰোঁতে কিবা ভুল-ভ্ৰান্তি ৰৈ গ'লে অনুগ্ৰহ কৰি ক্ষমা কৰিব।"
(আৰম্ভণি) কেফেৰ বাহিৰত মৃদু বৰষুণ। খিৰিকীৰ কাষত মূৰ তললৈ কৰি নীৰৱে ৰৈ আছে RJ। চকুহালত পুঞ্জীভূত হৈ থকা বহু নাপাহৰা কথা।
নেৰেচন: "কিন্তু হঠাৎ কি হ'ল... RJ কিয় নাহিল ফুৰিবলৈ সিহঁতৰ লগত?"
দৃশ্য ১: RJ-ৰ একাকীত্ব কেফেৰ এখন মেজত হাতত কফিৰ কাপ লৈ RJ অকলে বহি আছে। বাহিৰৰ বৰষুণজাকলৈ চাই নিজৰ মনতে ভাবিছে—
RJ: "কিছুমান ভুলৰ কোনো ক্ষমা নাথাকে... আজি দুবছৰৰ পাছত সিহঁতক মুখ দেখুৱাম কেনেকৈ?"
দৃশ্য ২: Supriya-ৰ খং হঠাৎ Supriya সোমাই আহে আৰু RJ-ৰ মেজৰ কাষত খঙেৰে থিয় হয়।
Supriya: "একো অজুহাত নালাগে RJ! তুমি আমাৰ সপোন ভাঙিছিলা কেৱল নিজৰ স্বাৰ্থৰ বাবে!"
RJ-এ মূৰ তুলি চাই একো নকৈ তলমূৰ কৰে।
দৃশ্য ৩: Honey-ৰ অভিমান পাছে পাছে Honey-ও কেফেত প্ৰৱেশ কৰে। তাই RJ-ৰ ফালে চাবলৈকে অস্বীকাৰ কৰি আঁতৰৰ এখন চকীত বহে।
Honey: "যিজনে আমাৰ মৰমৰ কোনো মূল্যই নিদিলে... আমি তোমাক নিজৰ পৰিয়াল বুলি ভাবিছিলোঁ RJ!"
দৃশ্য ৪: Luiz আৰু Lili-ৰ আগমন এনেতে Luiz আৰু Lili একেলগে সোমাই আহে। পৰিৱেশটো গম্ভীৰ দেখি Luiz-এ সকলোকে শান্ত কৰিবলৈ চেষ্টা কৰে।
Luiz: "প্লিজ ভাইহঁত... আজি অন্ততঃ কাজিয়া নকৰিবা। আমি কথা পাতিবলৈ আহিছোঁ।"
Lili-য়ে নীৰৱে সকলোৰে মুখবোৰ লক্ষ্য কৰে।
দৃশ্য ৫: Maina-ৰ হাতত পুৰণি সত্য Maina-ই মেজত তাইৰ ডিজিটেল টেবলেটটো খোলে। তাইৰ মুখখন একেবাৰে গম্ভীৰ।
Maina: "মই পুৰণি কথাবোৰ বিচাৰি এটা বস্তু পালোঁ... যিটো আমাৰ সকলোৰে জনা উচিত।"
দৃশ্য ৬: Honey-ৰ প্ৰশ্ন আৰু অতীতলৈ উভতি যোৱা Honey আচৰিত হৈ উঠে।
Honey: "এয়া কেনেকৈ হ'ব পাৰে Maina?"
Maina-ই গভীৰভাৱে ভাবনাত ডুব গৈ কয়—
Maina: "তেন্তে শুন, মই সকলো কৈ আছোঁ..."
(ফ্লেছবেক: Pranjal-ৰ ফোন কল) স্মৃতিৰ পট উন্মোচিত হয়। দুবছৰ আগৰ সেই দিনটোত Pranjal-এ ফোনত অতি উদ্বিগ্ন হৈ Maina-ক সকলো কথা কৈছিল—
Pranjal: "Maina, কি হৈছিল জানা? RJ সেইদিনা ট্ৰিপত যাব নোৱৰা কাৰণ হ'ল... Luiz-ৰ দেউতাকৰ হঠাৎ এটা ডাঙৰ এক্সিডেণ্ট হৈছিল, আৰু ইমাৰ্জেন্সী বহুত টকা লাগিছিল। RJ-এ তাৰ নিজৰ গাড়ীখন বিক্ৰী কৰি ৫ লাখ টকা দিলে, আৰু তহঁতৰ লগত ফুৰিবলৈ যাব নোৱাৰিলে। তাক বেয়া নাপাবি অ', সি বহুত ভাল মানুহ!"
দৃশ্য ৭: Lili-ৰ অনুশোচনা সত্যটো গম পাই কেফেৰ সকলোৰে বুকু কঁপি উঠে। Lili-য়ে আগবাঢ়ি আহি অতি শ্ৰদ্ধাৰে RJ-ৰ কান্ধত হাতখন থয়।
Lili: "তুমি আমাৰ বাবে ইমান ডাঙৰ ত্যাগ কৰিলা... আৰু আমি তোমাক ভুল বুজি থাকিলোঁ?"
দৃশ্য ৮: Luiz-ৰ চকুলো আৰু আলিংগন Luiz-এ আৰু নিজকে ধৰি ৰাখিব নোৱাৰিলে। সি চকুপানীৰে RJ-ক চকীৰ পৰা তুলি আনি বুকুত সাবটি ধৰে।
Luiz: "মোৰ দেউতাক তুমি বচালা ভাই... আৰু মই তোমাক বেয়া পাই থাকিলোঁ! মোক মাফ কৰি দিয়া ভাই!"
RJ-এও চকুপানী টুকি Luiz-ৰ পিঠিত হাত ফুৰায়।
দৃশ্য ৯: RJ-ৰ মনৰ স্বীকাৰোক্তি RJ-এ সকাহ পাই চকুপানী মচি কয়—
RJ: "Luiz-এ গম পালে টকাখিনি নল'লেহেঁতেন... সেয়ে মই বেয়া মানুহ হোৱাটোৱেই ঠিক আছিল। কিন্তু এতিয়া আৰু কান্দিব নালাগে, মোৰ গেংটো ঘূৰাই পালোঁ, সেয়াই বহুত!"
দৃশ্য ১০: মিলন আৰু শেষ দৃশ্য সকলো ভুল বুজাবুজি শেষ হ'ল। মেজৰ চাৰিওফালে বহি RJ, Supriya, Luiz, Maina, Honey আৰু Lili হাঁহি-ধেমালিত মেতিল হৈ পৰে।
সকলোৱে একেলগে: "আমাৰ এই বন্ধুত্ব... চিৰদিনৰ বাবে জীয়াই থাকক!"
#AiMade #friendship #AssameseShortMovie #RjZubeenZG