Trahi Deva Damodar || ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ || নাম প্ৰসঙ্গ || বৰুণ বিভোৰ শইকীয়া || Nam Prasang
ভকতি ভাণ্ডাৰ
0:00 / 0:00
Trahi Deva Damodar || ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ || নাম প্ৰসঙ্গ || বৰুণ বিভোৰ শইকীয়া || Nam Prasang
26 819 просмотров · 4 г. назад
ভকতি ভাণ্ডাৰ
15,8 тыс. подписчиков
26 819 просмотров · 4 г. назад
স্যমন্তক হৰণ : পঞ্চম কীৰ্ত্তন
|| ঘোষা ||:
ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ
দীন দয়াশীল স্বামী৷
কৰাহা নিস্তাৰ তোমাৰ চৰণে
শৰণ পশিলো আমি৷৷১১৭৷৷
|| পদ ||:
কৃষ্ণৰ বিক্রম দেখি ঋক্ষৰাজ
পৰম বিস্ময় মনে৷
স্বামী হেন জানি বুলিবে লাগিলা
প্ৰণামি কৃষ্ণ চৰণে৷৷
জানিলো তোমাক জগত ঈশ্বৰ
তুমি সনাতন হৰি৷
সমস্ত ভূতৰ তুমি প্ৰাণবল
জগতকে আছা ধৰি৷৷১৪৩৬৷৷
স্ৰষ্টাৰো সে স্ৰষ্টা তুমি সৰ্ব্বদ্ৰষ্টা
উদ্ধাৰি ধৰিলা ভূমি৷
জীৱৰ নিয়ন্তা পৰম আতমা
মৃত্যুৰো অন্তক তুমি৷৷
জানিলো তোমাক সেহি ৰঘুনাথ
যিটো ইষ্টদেৱ মোৰ৷
সীতাৰ সন্তাপে জগতৰ বাপে
কৰিলা পয়াণ ঘোৰ৷৷১৪৩৭৷৷
যাৰ মহাক্রোধে কটাক্ষতে গ্ৰাসে
সাগৰে কল্লোল কৰে৷
লঙ্কাক লাগিয়া মাজে বাট দিলা
ডৰিয়া আতি সাগৰে৷৷
জানকীৰ হেতু বান্ধিলাহা সেতু
দহিলা লঙ্কা নগৰী৷
ৰাৱণৰ মাথ কাটিলাহা নাথ
আনিলা সীতা উদ্ধাৰি৷৷১৪৩৮৷৷
আগে নিচিনিলো এৱেসে জানিলো
তেন্তে তুমি ছিৰীৰাম৷
অজ্ঞানীক মোক প্ৰভু ক্ষমিয়োক
চৰণে কৰো প্ৰণাম৷৷
এতেকে বুলিয়া নমি জাম্বৱন্ত
আছে কৃতাঞ্জলি কৰি৷
শুনা সৰ্ব্বজন নেৰিবা কীৰ্ত্তন
ডাকি বোলা হৰি হৰি৷৷১৪৩৯৷৷
@bhakatibhandar-6378
#naamprasang #namprasanga #নামপ্ৰসঙ্গ #assamese #Srimanta_Sankardev_Sangha