NAKANDIBA RADHA - ACHURJYA BORPATRA | SUNIT GOGOI | BHAKTIMULAK GEET 2026
Sunit Gogoi Creation и Achurjya Borpatra Official
0:00 / 0:00
NAKANDIBA RADHA - ACHURJYA BORPATRA | SUNIT GOGOI | BHAKTIMULAK GEET 2026
87 217 просмотров · 2 недели назад
Sunit Gogoi Creation и Achurjya Borpatra Official
87 217 просмотров · 2 недели назад
Presenting "Nakandiba Radha" by Achurjya Borpatra exclusively on Sunit Gogoi Creation youtube channel.
কণ্ঠ : আচুৰ্য বৰপাত্ৰ
কথা-সুৰ-সংগীত : শোণিত গগৈ
সহযোগী সুৰকাৰ : জ্যোতিষ ৰাজখোৱা
শব্দ সংমিশ্ৰণ : দিগন্ত বৰদলৈ
মেল'ডি ডিজাইন : ভদ্ৰকান্ত দাস
সহযোগী কণ্ঠশিল্পী : ৰাগদীপ চেতিয়া, জ্যোতিষ ৰাজখোৱা, মাধুৰ্য প্ৰতীম
বাদ্যশিল্পী : কৈলাস ৰাভা, লাচিত বৰুৱা, বিশ্বজিত গগৈ, পিতি বৰা, অৰূপ কলিতা
আৱহ কণ্ঠ : দেৱেশ্বৰ শইকীয়া
বাণীবন্ধন : স্বপ্নীল দত্ত, ষ্টুডিঅ' অ'ডিঅ'হলিক
ভিজুৱেল গ্ৰাফিক্স : জোনাক যুগান্তৰ বৰা
প্ৰসাৰ সহযোগী : সঞ্জীৱ আকাশ
Publisher : Geet Audio Factory
#Achurjya_Borpatra #Sunit_Gogoi #Nakandiba_Radha
©®don't upload illigally copyright reserved by Sunit Gogoi Creation youtube channel Team.
ঃনাকান্দিবা ৰাধাঃ
গকুলত গধুলি হ'ল,নিতাল কদমৰে তল
কিনো ক'লে কানাই অ' হে ৰাধে মাই
দুচকুত যমুনাৰ ঢল !?
(ঘোষা)
মথুৰালৈ কংসৰাজে দিছে নিমন্ত্ৰণ !
এৰি যায় কেনেকৈ কানাই গকুল বৃন্দাবন ?!
ভাগে নন্দ যশোদাৰে মন !
কান্দে দুখে গোপ গোপীগণ !
নাকান্দিবা ৰাধা বোলে কি সতে কানাই !?
কিদৰে বুজালে বাৰু বুজিব ৰাধাই ?!
(পদ)
প্ৰিয় মোৰ মোহন বেণু
তাতোকৈ প্ৰিয় তুমি নাজানা জানো
ৰাধা নাজানা জানো ?!
উভতি আহিমে অচিৰেই !
নহালৈ ৰাখিবা হিয়াতেই !!
(মধ্যম)
মথুৰালৈ কংসৰাজে দিছে নিমন্ত্ৰণ !
এৰি যায় কেনেকৈ কানাই গকুল বৃন্দাবন ?!
ভাগে নন্দ যশোদাৰে মন !
কান্দে দুখে গোপ গোপীগণ !
নাকান্দিবা ৰাধা বোলে কি সতে কানাই !?
কিদৰে বুজালে বাৰু বুজিব ৰাধাই ?!
(ভাঙনি)
আবেলি বেলিকা দুখুনী ৰাধিকা
যমুনাৰ তীৰতে বহে !
গধূলি পৰলৈ বাটে চাই কানাইলৈ
কানাইহে উভতি নাহে !!
(খৰ তাল)
কানাই মথুৰালৈ গ'ল !
উভতি নহাচোন হ'ল !
ৰাধাৰ চকুলোৰে যমুনা ভৰিলে
বৃন্দাবন মৰহি গ'ল !!
জগতৰে পতি প্ৰভু যদুপতি
গ'ল মথুৰালৈ চলি !
বৃন্দাবন চাৰি ধৰ্মক উদ্ধাৰি
কংসক বধিবলৈ বুলি !