Перейти к содержимому

*৪২ খন পতাকা উত্তোলনেৰে চেষ্ট্ৰেল স্কুল, ঢকুৱাখনাৰ ৰুবী জুবিলী আৰম্ভ*এংকৰ:-ঢকুৱাখনা নগৰৰ ম'হঘূলি

Taid Ao 2.0

0:00 / 0:00

*৪২ খন পতাকা উত্তোলনেৰে চেষ্ট্ৰেল স্কুল, ঢকুৱাখনাৰ ৰুবী জুবিলী আৰম্ভ*এংকৰ:-ঢকুৱাখনা নগৰৰ ম'হঘূলি

29 просмотров · 2 дн. назад
Taid Ao 2.0
457 подписчиков
29 просмотров · 2 дн. назад
৪২ খন পতাকা উত্তোলনেৰে চেষ্ট্ৰেল স্কুল, ঢকুৱাখনাৰ ৰুবী জুবিলী আৰম্ভ এংকৰ:-ঢকুৱাখনা নগৰৰ ম'হঘূলি চাপৰিত ১৯৮৫ চনত প্রতিষ্ঠা হোৱা ঢকুৱাখনাৰ শৈক্ষিক ইতিহাসৰ প্রথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয় চেন্ট্ৰেল স্কুল,ঢকুৱাখনাৰ গৌৰৱোজ্জ্বল ৰুবী জুবিলী অনুষ্ঠান আজিৰে পৰা আৰম্ভ হৈছে তিনিদিনীয়া কাৰ্যসূচীৰে। আজি প্ৰথম দিনৰ কাৰ্যসূচী পুৱা-১০ বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হ'য়।বিদ্যালয়ৰ পতাকাৰ উপৰিও ৰুবী জুবিলী উপলক্ষে ৪০ খন পতাকা উত্তোলন কৰা হয় ঢকুৱাখনাৰ সমাজ জীৱনলৈ বিভিন্ন দিশত অৱদান আগবঢ়োৱা দুকুৰিজন বিশিষ্ট ব্যক্তিৰ দ্বাৰা। বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছবিলাল জৈনে। ইয়াৰ পাচতে ৰুবী জুবিলীৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্রবীণ সাংবাদিক কুশল গগৈয়ে। ইফালে শিক্ষাবিদ চেনিৰাম বৰুৱাই স্মৃতি তৰ্পণ কৰে ১০.৩০ বজাত।ইয়াৰ পিছতেই মঞ্চ উদ্বোধন কৰিব বিশিষ্ট লেখিকা,অৱসৰপ্ৰাপ্ত অধ্যক্ষ কল্পনা গগৈ আৰু দুলু শইকীয়া বৰাই। এই মঞ্চতেই ঢকুৱাখনাৰ বহুকেইজন বৰেণ্য জ্যেষ্ঠ নাগৰিক আৰু প্রাক্তন শিক্ষকক সম্বর্ধনা জনোৱা হ'ব বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা।ইফালে বিয়লিলৈ শিক্ষক, শিক্ষার্থী,অভিভাৱক আৰু শুভাকাংক্ষীৰ জৰিয়তে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব।সন্ধিয়া ভাওনা পৰিবেশন কৰিব বিদ্যালয়ৰ শিক্ষার্থীসকলে। #Dha