Перейти к содержимому

How to make 3 step Cage Broiler Farming low cost Roller

Techno Farming

0:00 / 0:00

How to make 3 step Cage Broiler Farming low cost Roller

23 680 просмотров · 3 года назад
Techno Farming
6,81 тыс. подписчиков
23 680 просмотров · 3 года назад
পিঞ্জৰা পদ্ধতিৰ ফাৰ্মৰ লাভালাভ সমূহ : ১।Cage farming বা পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত ফলীয়া পতান বা ভূছিৰ ব্যবহাৰ নহয়। যাৰ ফলত ভূছিৰ অতিৰিক্ত খৰচ সমূহ নোহোৱা হৈ পৰে। ২। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত অধিক হাৰত মূৰ্গীৰ placement কৰিব পৰা যায় (০.৯ বৰ্গফুট প্ৰতি মূৰ্গী)। যাৰ দ্বাৰা কম ঠাইতে অধিক মূৰ্গী পালন কৰি অধিক লাভ আদায় কৰিব পৰা যায়। ৩। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত ফাৰ্মাৰ বা কৃষক জনৰ কষ্ট কম হয়। ভূছি ৰেকিং কৰিব লগীয়া নহয় আৰু ফাৰ্মত অ'ত' দ্ৰিংকাৰ (auto drinker) সংস্থাপনৰ ফলত পানীৰ নাটনি নহয়। ৪। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহৰ ক্ষেত্ৰত heat stroke অৰ্থাৎ গৰমৰ পৰা হোৱা মৰ্টেলিটী ৰোধ কৰিব পৰা যায়। ৫। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহ তুলনামূলক ভাৱে পৰিস্কাৰ হৈ থাকে আৰু তাৰ ফলত বিভিন্ন মাৰাত্মক বেমাৰ যেনে CRD, IBD, RD আদিৰ পৰা তুলনামূলক ভাৱে হাত সাৰি থাকিব পাৰি। ৬। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহৰ এমনিয়াৰ গেছৰ মাত্ৰা বহুপৰিমানে কমি যায় যাৰ ফলত ফাৰ্মৰ মূৰ্গী সমূহৰ স্বাস্থ্য ভালে থাকে আৰু ওজন সোনকালে বৃদ্ধি পায়। ৭। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহ ত ভেকুৰ জাতীয় বেমাৰ যেনে - aspergillosis , aflatoxicosis আদিৰ পৰা হাত সাৰি থাকিব পৰা যায়। ৮। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহত ফাৰ্মাৰ জনৰ কামৰ পৰিমান হ্ৰাস পায় , কাম কৰা মানুহৰ প্ৰয়োজন হ্ৰাস পায় আৰু বেছিকৈ চাপৰি কাম কৰিব লগীয়া নোহোৱাৰ ফলত ফাৰ্মাৰজনৰো স্বাস্থ্য ভালে থাকে। ৯। পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহৰ চৰাইবোৰ মাটিৰ পৰা ওপৰত থাকে বাবে ফাৰ্মৰ বতাহ চলাচলত সুবিধা হয়। ১০। বানপিড়ীত অঞ্চল সমূহৰ বাবে পিঞ্জৰা পদ্ধতিৰ ফাৰ্ম সমূহ অত্যন্ত সুবিধাজনক। এনেধৰনৰ ফাৰ্ম সমূহক বানপানীয়ে ক্ষতি কৰিব নোৱাৰে ১১। এনেধৰণৰ ফাৰ্ম সমূহত পানী আৰু পানীৰ পাত্ৰ সমূহ সদায় পৰিস্কাৰ হৈ থাকে যিহেতু ভূছি আদি নাথাকে। ১২। জোতা চেন্দেল বা এনেধৰণৰ অন্য সামগ্ৰীৰ পৰা হ'ব পৰা সংক্ৰমন কম হয়। ১৩। Shead ready ত ৰৈ যোৱা অনাকাংক্ষিত আসুৱাহ সমূহৰ প্ৰভাব প্ৰতক্ষভাবে মূৰ্গীৰ ওপৰত নপৰে। Cage farming বা পিঞ্জৰা পদ্ধতিৰ বিষয়ে সবিশেষ জানিবলৈ PREMIUM CHICK FEEDS P LTD ৰ চুপাৰভাইজাৰ অথবা ব্ৰাঞ্ছ মেনেজাৰৰ লগত যোগাযোগ কৰক। BICHITRA NARAYAN 8486262297 #technofarming #cagefarming #poultryfarming