সত্যনাৰায়ণ পুথি পাঠ । প্ৰথম ভাগ। শ্ৰী শ্ৰী সত্যনাৰায়ণ পুথি পাঠ।। তৰামাই কাকতি।।@kiranlive9534
kiran Live
0:00 / 0:00
সত্যনাৰায়ণ পুথি পাঠ । প্ৰথম ভাগ। শ্ৰী শ্ৰী সত্যনাৰায়ণ পুথি পাঠ।। তৰামাই কাকতি।।@kiranlive9534
179 просмотров · 1 дн. назад
kiran Live
16,5 тыс. подписчиков
179 просмотров · 1 дн. назад
শ্ৰী শ্ৰী সত্য নাৰায়ণ পাচালী পাঠ কৰিলে নিধনীৰ ধন হয় আৰু অপুত্ৰকৰ পুত্ৰ।
🙏🏻শ্ৰী শ্ৰী সত্য নাৰায়ণ পুথি 🙏🏻
প্ৰথম ভাগ
(মুঠ দুটা খণ্ডত)
কন্ঠ তৰামাই কাকতি
সম্পাদনা কিৰণ চন্দ্ৰ নাথৰ ( creator )
শ্ৰীশ্ৰীসত্যনাৰায়ণৰ পূজা-বিধি
আৱশ্যকীয় দ্রব্য ঘট ১টা, আমৰ ডালি, ঘটত দিয়া ফল (নাৰিকল বা কল, ডালিম, আপেল যিকোনো ১টা) পঞ্চশষ্য (ধান, মাহ, সৰিয়হ, তিল যবধান) ঘট স্থাপন কৰিবলৈ ৰঙা (ফাকু), বগা আটা হালধী গুড়ী, তিল, শিলিখা, চাউল, সেন্দুৰ আসন আঙুঠী, ফুল, তুলসী, দূর্বা, বেলপাত নৈবেদ্য ৫ খন ৫ বিধ ফলৰ সৈতে ধূপ দীপ (এটা তেলৰ এটা ঘিউৰ) নৈবেদ্য পূজাৰ উপাচাৰৰ বস্ত্ৰ, ঘটৰ কাপোৰ, (ৰঙা) পূজাৰীৰ বৰণ আসন আৰু নানা প্ৰকাৰৰ ফল-ফুল-মিঠাই ইত্যাদি।
সত্যনাৰায়ণৰ প্ৰধান ভোগৰ বাবে -
পাঁচপোৱা আটা, পাঁচপোৱা চেনি, পাঁচপোৱা গাখীৰ, পাঁচগণ্ডা বা পঁচিশটা পকা কল। পাঁচপোৱা ঘিউ। যি কোনো শুভ দিনতে এই পূজা কৰিব পাৰে। পূর্ণিমা, শুক্লপক্ষ সংক্রান্তি আদি সত্যনাৰায়ণ পূজাৰ বাবে প্রসস্ত।
শ্রীশ্রীসত্যনাৰায়ণ পাঁচালী
কলিযুগত সত্য নাৰায়ণ অৱতাৰ। দৰিদ্ৰ ব্ৰাহ্মণৰ পৰা হইল প্ৰচাৰ।। ব্রাহ্মণ আছিল এক কাশীপুৰ ঠাই। অন্ন বস্ত্ৰ অভাৱত ভিক্ষা মাগি খায়।। প্রতি দিনে ভিক্ষা খোজে দৰিদ্ৰ ব্ৰাহ্মণ। পুত্ৰ পৰিবাৰ তাৰে কৰে যে পালন।। এদিন গোটেই দিন ঘূৰিলে ফুৰিলে। এমুঠিও ভিক্ষা দান কোনো নকৰিলে।। গছৰ তলত বহি অতি দুখ মনে। টুকি আছে চকুপানী দৰিদ্ৰ ব্ৰাহ্মণে।। কান্দি কান্দি একোবাৰ হইছে অস্থিৰ। কৰনাত বিগলিত হৃদয় হৰিৰ।। ফকিৰৰ ৰূপ ধৰি দিলে দৰশণ। কয় তুমি কিয় কান্ধা ব্রাহ্মণ নন্দন।। শুনাহে ফকিৰ মোৰ দুখে দিন যায়। তোমাক ক'লেনো মই কি পাম উপায়।। ব্রাহ্মণ দুখৰ কথা কোৱা মোৰ আগে। উপায় বিছাৰি মই বিবৰিম পাছে।। দ্বিজে ক'লে আজিৱণ ভিক্ষা মাগি খাঁও। আজি এক ভিক্ষাহীন দিবস কটাওঁ।।
#ভক্তিমূলক
#পুথিপাঠ