Перейти к содержимому

তুলসী চৰিত্ৰ পাঠ।Tulashi Charitra কন্ঠ ৰাহুল দেৱ বৰদলৈ সম্পাদনা কিৰণ চন্দ্ৰ নাথৰ।‪@kiranlive9534‬

kiran Live

0:00 / 0:00

তুলসী চৰিত্ৰ পাঠ।Tulashi Charitra কন্ঠ ৰাহুল দেৱ বৰদলৈ সম্পাদনা কিৰণ চন্দ্ৰ নাথৰ।‪@kiranlive9534‬

4 545 просмотров · 2 дн. назад
kiran Live
16,5 тыс. подписчиков
4 545 просмотров · 2 дн. назад
তুলসী চৰিত্ৰ পাঠ কন্ঠ ৰাহুল দেৱ বৰদলৈ সম্পাদনা কিৰণ চন্দ্ৰ নাথৰ সম্পূৰ্ণ পাঠ তুলসী চৰিত্ৰ দ্বিজ ভগীৰথ ভণিত শ্রীশ্রীকৃষ্ণায় নমঃ ।। শ্লোক ৷৷ তুলসী দর্শণে পুণ্যং, স্পর্শনে পাপ নাশনং ছাঁয়ায়ং সর্ব্ব তীর্থানি তুলসী ত্বাং নমো নমঃ। পদ প্রণামোহোঁ নাৰায়ণ দেৱী সৰস্বতী। ভৱানী শঙ্কৰ নমো নমো পশুপতি ৷৷ পিতৃ মাতৃ গুৰুৰ চৰণ শিৰে ধৰি। হৰিৰ চৰণ বন্দো ইন্দ্ৰ আদি কৰি ৷৷ ১ নমো ৰাম জয় গুৰু পৰমাত্মা এক। জগত জীৱন সৰ্ব্ব গুণৰ প্ৰত্যেক ৷৷ সেহি নাৰায়ণ জীৱ তাৰণৰ হেতু। সংসাৰ সাগৰে ৰামনাম আদি সেতু ॥ ২ মুনি গণে জানে ৰাম নামৰ মহিমা। ব্ৰহ্মা আদি কৰি তত্ত্ব নপাই আক সীমা ৷৷ সেই হৰিকেসে সেৱা কৰে নানা মত। তুলসীক সেবে যিটো হৰি তুষ্ট তাত ৷৷ ৩ শুনিয়োক সর্ব্বলোক কথা অদভুত। পদ্ম পুৰাণত আছে তুলসীৰ তত্ত্ব৷ তুলসী চৰিত্ৰ গুৰু বৈষ্ণৱৰ পদে কৰো নমস্কাৰ। তুলসী চৰিত্ৰ পদ কৰিবো প্ৰচাৰ ৷ ৪ যেন মতে তুলসী আসিলা পৃথিৱীক। তাৰ কথা কিছু কহোঁ শুনা নৰ লোক ॥ পূর্ব্ব জন্মে তুলসী আছিলা বৃন্দাসতী। শঙ্খ নামে অসুৰ ভৈলা তান পতি ।। ৫ হৈয়া মহা বলবন্ত বিক্রম সাগৰ। জিনিলেক সৰ্ব্ব দেৱ ইন্দ্ৰৰ নগৰ । তাৰ ডৰে সৰ্ব্ব দেৱ কম্পমান ভৈলা। একেশ্বৰ সব বাজ্য পৃথিবীক লৈলা।। ৬ দেবগণ সমে ইন্দ্র উপায় চিন্তিলা। ব্ৰহ্মাৰ আগত গৈয়া সবে জান দিলা ॥ বিষ্ণুক কৰিলা স্তুতি ব্ৰহ্মাৰ বচনে। সৃষ্টি নষ্ট কৰে দৈত্য নবাখাক মনে ।। ৭অসুৰে কৰয় নষ্ট সকলো সংসাৰ। চিত দিয়া কেনে তুমি নকৰা বিচাৰ৷ কুম্ভ নিকুম্ভ আদি যতেক অসুৰ। পূৰ্ব্বত যে নাৰায়ণে দর্প কৈল চুৰ ৷ ৮ এবে আসি জন্ম ভৈল দুষ্ট দুৰাচাৰ। সৃষ্টি মানে নষ্ট কৰে সকলো সংসাৰ ৷ ব্রহ্মা বোলে ইন্দ্র তুমি স্থিৰ কৰা মতি। দেবগণ সমে ব্ৰহ্মা কৰিয়া যুগুতি ৷৷ ৯ ধ্যান কৰি ব্ৰহ্মা দেৱ বুলিলা বচন। বিষ্ণুসে পাবিবে দুষ্ট কৰিবাক ছন্ন ॥