ৰৈ যোৱা বাটৰুৱা#Roi Jua Batarua-Lyrics by Amrit Ballav Goswami# #সময়গগৈ#বিতুডেকা#
AG Production Assam
0:00 / 0:00
ৰৈ যোৱা বাটৰুৱা#Roi Jua Batarua-Lyrics by Amrit Ballav Goswami# #সময়গগৈ#বিতুডেকা#
2 792 просмотра · 13 дней назад
AG Production Assam
821 подписчик
2 792 просмотра · 13 дней назад
#ৰৈ যোৱা বাটৰুৱা# Roi Jua Batarua# গীতৰ কথা- অমৃত বল্লভ গোস্বামী# Lyrics by Amrit Ballav Goswami # #Samaygogoi# #Bitudeka# #youtube #youtuber #youtubevideo #facebook #instagram #viral #viralvideo #assamese #assam #assamesesong
বাটৰুৱা... ৰৈ যোৱা... শুনি যোৱা,
মোৰ দেশৰ মানুহৰ কৰুণ কাহিনী,
হিয়া ভগা বিননী...
শুনি যোৱা, ৰৈ যোৱা, বাটৰুৱা...
প্ৰলয়ে সৰ্বশ্ৰান্ত কৰা,
জীৱন যুঁজত যুঁজি যুঁজি ক্লান্ত হোৱা,
মোৰ প্ৰাণৰ জনতাৰ দুখৰ বতৰা
শুনি যোৱা, ৰৈ যোৱা, বাটৰুৱা...।।
নৈৰে ছাঁতে আছিল যি সপোন পঁজা,
প্ৰলয় ৰূপী ঢৌৰ বুকুত গ’ল যে সিয়ো জাহ হৈ,
নিয়তিৰ নিষ্ঠুৰ ধেমালিত সৌৱা
স্বপ্নৰে ভৰা হাঁহিৰ হাঁহাকাৰ...
শুনি যোৱা, ৰৈ যোৱা, বাটৰুৱা...।।
সোণোৱালী পথাৰত নামিল কাল ধুমুহা,
আশাৰ চাকীবোৰ থাকিল নুমাই,
ভাগৰুৱা দুহাতত নাথাকিল একো বাকী,
ফাটি চিটি যোৱা বুকুখন সাৱটি,
কান্দে চেনেহী জননী, সময়-বিতুৱেনো যুঁজিব আৰু কিমান....
শুনি যোৱা, ৰৈ যোৱা, বাটৰুৱা...।।
আকাশৰ মুখত আজি ঘোৰ অন্ধকাৰ,
প্ৰভাতৰ ক্ষনলৈ এতিয়াও আছে বহুদূৰ বাট,
তোমাৰ এধানী সহানুভূতিয়ে
বিষাদৰ বেলাতো বজাব পাৰে জয়ৰ শংখ ধ্বনী...
বাটৰুৱা... শুনি যোৱা,
ৰৈ যোৱা... এষাৰি মৰমেৰে
সিঁচি দিয়া নতুন দিনৰ নতুন সুৰৰ ধ্বনী...
বাটৰুৱা... ৰৈ যোৱা... শুনি যোৱা...বাটৰুৱা...ৰৈ যোৱা...শুনি যোৱা...বাটৰুৱা....।।