তেজপুৰৰ অনাথ আশ্ৰমত এদিন ।। Orphanage ।।নৱপ্ৰভাত শিশুগৃহ ।।
DRISHTIKON দৃষ্টিকোণ
0:00 / 0:00
তেজপুৰৰ অনাথ আশ্ৰমত এদিন ।। Orphanage ।।নৱপ্ৰভাত শিশুগৃহ ।।
6 077 просмотров · 3 года назад
DRISHTIKON দৃষ্টিকোণ
4,52 тыс. подписчиков
6 077 просмотров · 3 года назад
#orphan #orphanage #tezpur
#Drishtikon_TheOpinion
সৌ সিদিনা তেজপুৰলৈ গৈছিলো ।তেজপুৰত ভাইটিৰ লগত ওলালো কেতেকীবাৰীৰ নৱপ্ৰভাত শিশুগৃহলৈ ।২০০৬ চনতে প্ৰয়াত সাংবাদিক তথা তেজপুৰৰ যুৱক বিদ্যুৎ শইকীয়া দেৱে এই শিশু গৃহটো স্থাপন কৰিছিল । কিন্তু কালক্ৰমত ২০১১ চনত তেখেতে এই পৃথিৱীৰ পৰা বিদায় মাগিলে ।তেখেতে এই শিশুগৃহটোত আশ্ৰয় দিছিল অনাথ শিশুসকলক ।আৰু এয়াই আছিল আৰম্ভনি ।অনাথ শিশুসকলক তেখেতে আৰু তেখেতৰ পৰিয়ালে দিছিল এক পৰিচয় ।শিশুসকলক দিছিল শিক্ষা তথা জীয়াই থকাৰ আনন্দ । এই মহান কামটোত জড়িত সকলোলৈ আমাৰ ফালৰপৰা ধন্যবাদ জ্ঞাপন কৰিছো। এই দেবশিশু সকলক বিভিন্ন সময়ত সহায় কৰি আহিছে তেজপুৰ অঞ্চলৰ ৰাইজে । ৰাইজে তেওঁলোকৰ সুখ দুখত একেলগে থিয় দিয়ে । নিজৰ পৰিয়ালৰ কোনোজনৰ জনমদিন তথা মৃত্যু বাৰ্ষিকীকে ধৰি বিভিন্ন শুভ কামত এই শিশুগৃহটোত সকলোৱে সমবেত হয় আৰু ৰাইজে নিজৰ সুখ দুখৰ সমভাগী কৰে আৰু একেলগে কটায় প্ৰতিগৰাকী দেবশিশুৰ লগত । সকলোকে লগ পাই ভাল লাগিল । তাত থকা আইতা মহেশ্বৰী নেওগৰ লগত কথা পাতিলো , তৃষ্ণামনি লস্কৰ বাইদেউৰ লগতো কথা পাতিলো । খুব ভাল লাগিল তেওঁলোকৰ পদক্ষেপক ।আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাও যে তেওঁলোকক ভগৱানে যথেষ্ট শক্তি দিয়ক আগলৈ এই যুঁজখন আগুৱাই নিবলৈ ।তেওঁলোকে যথেষ্ট ত্যাগ স্বীকাৰ কৰিছে এই শিশুগৃহটোৰ বাবে ।
To help them with different ideas please contact them at :
c/o- TRISHNA MANI LASKAR
NABAPRABHAT CHILDREN'S HOME
KETEKIBARI,TEZPUR,
ASSAM
CONT NO- 9707775071