মানুহে কি ক’ব? বাদ দিয়ক I এই ভয়ে জীৱন নষ্ট কৰি পেলায় বহুতৰ । Best Assamese Motivational Video II
Kumud Das Official
0:00 / 0:00
মানুহে কি ক’ব? বাদ দিয়ক I এই ভয়ে জীৱন নষ্ট কৰি পেলায় বহুতৰ । Best Assamese Motivational Video II
13 815 просмотров · 1 месяц назад
Kumud Das Official
152 тыс. подписчиков
13 815 просмотров · 1 месяц назад
About the Video
আমাৰ মানসিক জগতত এটা কথা সদায় থাকে, মানুহে কি ক’ব? যেতিয়াই আমি কিবা এটা কৰোঁ বা কৰিম বুলি ভাবো, কামটোৰ কাৰ্যপদ্ধতিতকৈ আমাৰ মনলৈ আহে মানুহে কি ক’ব? মানুহে কি ভাবিব? আমাৰ mindsetত সোমাই পৰা এনে কথাই আমাৰ আত্ম উন্নয়ন (Self Growth)ত প্ৰভাৱ পেলায়। কিছুমান মানুহে আমাক সমালোচনা কৰি আমাৰ মানসিক শান্তি (Mental peace) নাইকীয়া কৰিব খোজে।
মানুহে কি ক'ব? মানুহে কি ভাবিব — এইধৰণৰ চিন্তাই কিমান মানুহৰ সপোন আৰম্ভ হোৱাৰ আগতেই শেষ কৰি দিয়ে, কেতিয়াবা ভাবি চাইছেনে?
এই ভিডিঅ'টোত আমি আলোচনা কৰিছোঁ, কিয় আমি আনৰ সমালোচনাক ইমান ভয় খাও, কিয় বহুতে নিজৰ ইচ্ছা, সপোন আৰু লক্ষ্য কেৱল "মানুহে কি ক'ব" বুলি ভাবিয়েই এৰি দিয়ে, আৰু কিয় জীৱনৰ শেষত আটাইতকৈ ডাঙৰ অনুতাপ হয় নিজৰ মনৰ কথা নুশুনাৰ বাবে। আমি আচলতে সপোন দেখিও কেৱল লোক নিন্দাৰ ভয়ত নিজে হাতে কিছুমান সপোন এৰি থৈ আহো, আচলতে ভয় কৰিবলগীয়া কি আছে? যিবোৰ মানুহে আমাৰ প্ৰতিটো গতি বিধি নজৰত ৰাখি আমাক সমালোচনা কৰে, তেওঁলোকৰ আমাৰ জীৱনত অৱদান কি?
এইটো কেৱল এটা motivational video নহয়। ই জীৱনৰ কিছুমান সঁচা বাস্তৱ কথা, আত্মবিশ্বাস, আত্মসন্মান আৰু নিজৰ সিদ্ধান্ত নিজে লোৱাৰ সাহসৰ ওপৰত এক গভীৰ চিন্তা।
যদি এই ভিডিঅ'টোৱে আপোনাক অলপো অনুপ্ৰাণিত কৰে, তেন্তে Like কৰক, Comment কৰি আপোনাৰ মতামত জনাওক আৰু Channelটো Subscribe কৰি ৰাখক। আপোনাৰ এটা Share-এ হয়তো আন এজন মানুহক নিজৰ সপোনৰ দিশে আগবাঢ়িবলৈ সাহস দিব পাৰে।
Disclaimer:
This video is created for educational, motivational, and inspirational purposes only. The views expressed are intended to encourage self-reflection, personal growth, and positive thinking. They should not be interpreted as professional psychological, medical, legal, or financial advice.
Some visuals, AI-generated images, stock footage, or publicly available materials may be used for illustrative purposes under the principles of fair use. All respective copyrights belong to their original owners.
#assamesemotivational
#selfimprovement
#selfrespect
#kumuddas
#personaldevelopment
#motivation
#successmindset