Перейти к содержимому

'মোৰ মানুহজনী দুমাহ থাকিব বুলি কৈছে ডাক্তৰে'-পত্নীক চিকিৎসাৰ নামত কোটিৰ ওপৰত খৰছ কৰিছে এজন স্বামীয়ে!

Hassinur Alom

0:00 / 0:00

'মোৰ মানুহজনী দুমাহ থাকিব বুলি কৈছে ডাক্তৰে'-পত্নীক চিকিৎসাৰ নামত কোটিৰ ওপৰত খৰছ কৰিছে এজন স্বামীয়ে!

830 просмотров · 4 ч назад
Hassinur Alom
45 тыс. подписчиков
830 просмотров · 4 ч назад
ঢকুৱাখনাৰ হিয়া গগৈ আৰু ৰঙিয়াৰ নীপজ্যোতি কলিতাৰ জীৱনতো নামি আহিছিল তেনে এক কাল অন্ধকাৰ। প্ৰেমৰ মধুৰ দিনবোৰৰ অন্তত বিবাহপাশত আবদ্ধ হোৱা দুয়োৰে সপোন আছিল এখন সুখৰ সংসাৰ। কিন্তু সেই সপোনৰ মাজতে এদিন হিয়াৰ শৰীৰত ধৰা পৰিল চতুৰ্থ স্তৰৰ কৰ্কট ৰোগ। মূৰৰ বিষৰ দৰে সাধাৰণ যেন লগা সমস্যাই যে এদিন জীৱনৰ আটাইতকৈ ভয়ংকৰ খবৰ কঢ়িয়াই আনিব, সেয়া কোনেও কল্পনা কৰা নাছিল। চিকিৎসকৰ মুখেৰে ওলোৱা ‘দুমাহমানহে জীয়াই থাকিব’ এই কথাষাৰে নীপজ্যোতিৰ জীৱনটো যেন নিমিষতে থমকি ৰ’বলৈ বাধ্য কৰিলে। যাৰ সৈতে জীৱনৰ প্ৰতিটো পুৱাৰ আৰম্ভণি কৰাৰ সপোন দেখিছিল, যাৰ সৈতে বৃদ্ধ বয়সলৈকে কাষে কাষে খোজ কাঢ়িবলৈ বিচাৰিছিল, সেই মানুহজনীকেই হেৰুৱাব লাগিব বুলি ভাবি নীপজ্যোতিৰ বুকুত যেন এক অদৃশ্য শূন্যতাই বাহ লৈছিল। কিন্তু চকুপানীৰে ভাগ্য সলনি নহয় বুলি জানিও তেওঁ হাৰ মানিবলৈ প্ৰস্তুত নাছিল। কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা নীপজ্যোতিয়ে পত্নীৰ চিকিৎসাৰ বাবে ত্যাগ কৰিলে নিজৰ কৰ্মজীৱন। নিজৰ সপোনবোৰ সামৰি লৈ তেওঁ কেৱল এটা সপোন বুকুত বান্ধিলে- হিয়াক বচাব লাগিব। চেন্নাইৰ এপ’ল’ হাস্পতালত আৰম্ভ হ’ল হিয়াৰ চিকিৎসা। প্ৰতিটো দিন যেন হৈ পৰিল এক নতুন যুদ্ধ। প্ৰতিটো চিকিৎসাৰ পিছত অপেক্ষা, প্ৰতিটো খবৰৰ পিছত ভয়, আৰু প্ৰতিটো নিশা বুকুত একেটা প্ৰশ্ন- ‘হিয়া সুস্থ হৈ উঠিবনে?’ পত্নীৰ জীৱন ৰক্ষাৰ বাবে নীপজ্যোতিয়ে এতিয়ালৈকে ব্যয় কৰিছে কোটিৰো অধিক টকা। জাপানৰ পৰা আমদানি কৰা এটা বিশেষ ঔষধৰ নামত প্ৰতিমাহে ব্যয় হয় প্ৰায় চাৰে চাৰিলাখ টকা। সীমিত উপাৰ্জনেৰে পৰিয়াল চলোৱা এজন সংবাদকৰ্মীৰ বাবে এয়া আছিল কল্পনাতীত ব্যয়। তথাপিও তেওঁ পিছ হুহঁকি যোৱা নাছিল। কাৰণ তেওঁৰ বাবে এয়া কেৱল টকাৰ প্ৰশ্ন নাছিল। এয়া আছিল তেওঁৰ প্ৰিয় মানুহজনীৰ জীৱনৰ প্ৰশ্ন। যিজনীয়ে তেওঁৰ সৈতে এখন সংসাৰ গঢ়িছিল, সেইজনীৰ জীৱন বচাবলৈ তেওঁ নিজৰ সকলোখিনি উজাৰি দিবলৈ সাজু হৈছিল। এই কঠিন সময়ত বহু সুহৃদয়বান লোকে আগবঢ়াইছিল আৰ্থিক সহায়ৰ হাত। কিন্তু আটাইতকৈ ডাঙৰ শক্তি আছিল নীপজ্যোতিৰ সেই নীৰৱ উপস্থিতি- হিয়াৰ কাষত, প্ৰতিটো কষ্টৰ মুহূৰ্তত, প্ৰতিটো ভয়ৰ মাজত। চিকিৎসকে দুমাহৰ সময়সীমা দিয়া হিয়াই আজি কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি আগবাঢ়িছে আৰোগ্যৰ পথত। মৃত্যুৰ ছাঁই ঢাকি ধৰিব খোজা জীৱনটোত পুনৰ উজলি উঠিছে আশাৰ পোহৰ। হিয়াই ঘূৰাই পাইছে আত্মবিশ্বাস, আৰু নীপজ্যোতিয়ে যেন পুনৰ দেখিবলৈ আৰম্ভ কৰিছে একেলগে দেখা সেই সপোনবোৰ।